গাণিতিক প্ৰমাণ
From Wikipedia, the free encyclopedia
গাণিতিক প্ৰমাণ, যুক্তি-তৰ্কৰ ওপৰত নিৰ্ভৰ কৰি গাণিতিক উক্তি এটিৰ সত্যতা সাব্যস্ত কৰা পদ্ধতিক গাণিতিক প্ৰমাণ বুলি কোৱা হয়। এই যুক্তিয়ে ইতিমধ্যে প্ৰমাণিত যিকোনো উক্তি বা তত্বক সমল হিচাপে ব্যৱহাৰ কৰিব পাৰে। অৱশ্যে সকলো ধৰণৰ গাণিতিক প্ৰমাণ নীতিগত হ'ব লাগিব আৰু ইয়াক কিছুমান সাধাৰণ তথা প্ৰকৃত অনুমান অৰ্থাৎ স্বতঃৰ দ্বাৰা গঠন কৰিব পাৰিব লাগিব। [2][3][4] গাণিতিক সত্যাপন আৰু প্ৰমাণ দুয়োটা ভিন্ন। সত্যাপনে সঁচা বুলি বিশ্বাস হোৱা কোনো এটা উক্তিক সকলো ক্ষেত্ৰতে সঁচা হ'ব বুলি নিশ্চয়তা দিব নোৱাৰে। অপ্ৰমাণিত প্ৰস্তাৱ এটাক অনুমান বুলি কোৱা হয় আৰু ইয়াক সত্য বুলি ধৰা হয় যদিহে এনে একোটা প্ৰস্তাৱ অনুৰূপ ভাৱে গণিতৰ ক্ষেত্ৰ খনত প্ৰায়ে ব্যৱহাৰ কৰা হৈ থাকে।[5]