দ্য ডায়েৰী অৱ এ য়ং গাৰ্ল
From Wikipedia, the free encyclopedia
দ্য ডায়েৰী অফ এ ইয়ং গাৰ্ল (ইংৰাজী: The Diary of A Young Girl) হৈছে নেডাৰলেণ্ডৰ নাজী অধিগ্ৰহণৰ সময়ত পৰিয়ালৰ সৈতে দুবছৰ লুকাই[1] থকা অৱস্থাত আনা ফ্ৰাংকৰ দ্বাৰা ওলন্দাজ ভাষাত লিখিত আৰু পৰৱৰ্তী সময়ত কিতাপ আকাৰে প্ৰকাশিত এখন ডায়েৰী। কিতাপখনক আনা ফ্ৰাংকৰ ডায়েৰী বুলিও জনা যায়। ১৯৪৪ চনত আনা ফ্ৰাংকক পৰিয়ালৰ সৈতে আটক কৰা হৈছিল আৰু ১৯৪৫ চনত বাৰ্গেন-বেলচেন কনচেণ্ট্ৰেচন কেম্পত থকা অৱস্থাত টাইফইড ৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হৈছিল।[2] দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ ঠিক পিছতে মাইপ গিজ নামৰ এজন ব্যক্তিয়ে ডায়েৰীখন উদ্ধাৰ কৰিছিল আৰু তেওঁলোকৰ পৰিয়ালৰ একমাত্ৰ জীৱিত জীৱিত ব্যক্তি আনাৰ দেউতাক অটো ফ্ৰাংকৰ হাতত অৰ্পণ কৰিছিল। বৰ্তমানলৈকে এই ডায়েৰীখন প্ৰায় ৭০ টাতকৈও অধিক ভাষাত প্ৰকাশিত হৈছে।
ক্ষিপ্ৰ তথ্য দ্য ডায়েৰী অৱ এ য়ং গাৰ্ল, লেখক ...
দ্য ডায়েৰী অৱ এ য়ং গাৰ্ল | |
---|---|
লেখক | আনা ফ্ৰাংক |
শিৰোনাম | হেট এক্টাৰহোইছ (দ্য আন্নেক্স) Het Achterhuis (The Annex) |
অনুবাদক | বি. এম. মোয়াৰ্ট-ডাবোলবে |
প্ৰচ্ছদ শিল্পী | হেলমুট ছালডেন |
দেশ | নেডাৰলেণ্ড |
ভাষা | ওলন্দাজ |
বিষয় |
|
প্ৰকাৰ | আত্মজীৱনী |
প্ৰকাশক | কণ্টেক্ট পাব্লিছিং |
প্ৰকাশ | ২৫ জুন ১৯৪৭ |
ইংৰাজীত প্ৰকাশ |
১৯৫২ |
অ.চি.এল.চি নং | ১৪৩২৪৮৩ |
ডুৱি ডেচিমেল | ৯৪৯.২০৭ |
এল চি শ্ৰেণীকৰণ | DS135.N6 |
বন্ধ কৰক