বৈজ্ঞানিক নামকৰণ পদ্ধতি
দুটা অংশৰ নাম ব্যৱহাৰ কৰি জীৱৰ প্ৰজাতি চিনাক্তকৰণৰ ব্যৱস্থা / From Wikipedia, the free encyclopedia
দ্বৈৰাশিক নামকৰণ (ইংৰাজী: Binomial nomenclature) হৈছে জীৱবিজ্ঞানত প্ৰজাতি নামকৰণৰ এটা আনুষ্ঠানিক পদ্ধতি। এই নামকৰণ পদ্ধতিত, প্ৰত্যেকটো জীৱৰ নাম দুটা অংশৰে গঠিত। নামটো লিখোঁতে লেটিন বা অন্য যিকোনো ভাষাৰ পৰা আহৰণ কৰা শব্দবোৰ লেটিন ব্যাকৰণৰ ৰূপত লিখা হয়। যেনে, ‘assam’ শব্দটো ‘assama’ বুলি লিখা হয়। এনে নাম একোটাই দ্বিপদ নাম, দ্বৈৰাশিক নাম বা বৈজ্ঞানিক নাম; অনানুষ্ঠানিকভাৱে লেটিন নাম বুলিও কয়। নামটোৰ প্ৰথম অংশই প্ৰজাতিটো যিটো গণৰ অন্তৰ্গত তাক চিনাক্ত কৰে; দ্বিতীয় অংশই গণটোৰ অন্তৰ্গত প্ৰজাতিটোক চিনাক্ত কৰে। উদাহৰণ স্বৰূপে, মানুহবোৰ, হম' (Homo) নামৰ গণটোৰ অন্তৰ্গত আৰু এই গণৰে হম' চেপিয়েন্স (Homo sapiens) নামৰ প্ৰজাতিটোৰ অন্তৰ্গত জীৱ। প্ৰজাতি নামকৰণৰ এই প্ৰদ্ধতিটো প্ৰথম ব্যৱহাৰ কৰাৰ শ্ৰেয় ছুইছ প্ৰকৃতি বিজ্ঞানী কাৰ্ল লিনিয়াছক দিয়া হয়। ১৭৫৩ চনত তেওঁ তেওঁৰ স্পেছিচ প্লেণ্টাৰামত (Species Plantarum) এই প্ৰদ্ধতিটো কাৰ্যকৰীভাৱে আৰম্ভ কৰিছিল।[1]
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
বৰ্তমান প্ৰচলিত দ্বৈৰাশিক নামকৰণ, আন্তঃৰাষ্ট্ৰীয় ভাবে গ্ৰহণ কৰা বিভিন্ন নীতিৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয়, যিবোৰৰ ভিতৰত দুটা অতি গুৰুত্বপূৰ্ণ নীতি হ'ল, ‘প্ৰাণীবৈজ্ঞানিক নামকৰণৰ আন্তঃৰাষ্ট্ৰীয় নীতি’ (ICZN) প্ৰাণীৰ বাবে, আৰু ‘শেলাই, ভেঁকুৰ আৰু উদ্ভিদ নামকৰণৰ আন্তঃৰাষ্ট্ৰীয় নীতি’ (ICN)। যদিও দ্বিপদ নামকৰণৰ দুয়োটা পদ্ধতিতে সাধাৰণ নীতিসমূহ প্ৰায় একে, তথাপি দুয়োটাই ব্যৱহাৰ কৰা সূত্ৰ আৰু নীতিসমূহৰ মাজত কিছু পাৰ্থক্যও আছে। আধুনিক ব্যৱহাৰত, নামটোৰ প্ৰথম অংশৰ, গণটোৰ, প্ৰথম বৰ্ণটো সদায় বৰফলাত লিখা হয়, কিন্তু দ্বিতীয় অংশটো যদিও, মানুহৰ নাম বা ঠাইৰ নামৰ দৰে নামবাচক বিশেষ্য পদৰ পৰা অনা হয়, তথাপি তেনেদৰে লিখা নহয়। সেইদৰে, যেতিয়া বৈজ্ঞানিক নামটো সাধাৰণ ভাবে লিখা হয়, তেতিয়া নামটোৰ দুয়োটা অংশ হেলনীয়াকৈ লিখা হয়। যেনে, এনোৱেল ফ্লক্স (উদ্ভিদবিদ থমাছ ড্ৰোমণ্ডৰ নামেৰে নামকৰণ কৰা হৈছে)ৰ বৈজ্ঞানিক নামটো Phlox drummondii বুলি লিখা হয়। বৈজ্ঞানিক কামত, অন্ততঃ যেতিয়া নামটো প্ৰথমবাৰৰ বাবে লিখা হয়, তেতিয়া বৈজ্ঞানিক নামটোৰ স্বত্বাধিকাৰীৰ নামটোও সাধাৰণতে লিখা হয়, লগতে প্ৰকাশৰ তাৰিখটোও কেতিয়াবা উল্লেখ কৰা হয়।