বোধগত পক্ষপাতিতা
From Wikipedia, the free encyclopedia
বোধগত পক্ষপাতিতা (ইংৰাজী: Cognitive bias) হৈছে পৰিচিত আচৰণ, যুক্তিবাদ আৰু বিবেচনাৰ লগত ঘটা বিচ্যুতিৰ এক পদ্ধতিগত বিন্যাস।[1] ইয়াৰ দ্বাৰা প্ৰভাৱিত হোৱা ব্যক্তি এজনে প্ৰবিষ্টি (input) এটাৰ উপলব্ধি হিচাপে নিজাববীয়াকৈ এটা “বিষয়গত বাস্তৱতা”ৰ সৃষ্টি কৰে। বস্তুনিষ্ঠ প্ৰবিষ্টিৰ পৰিৱৰ্তে সেইজন ব্যক্তিৰ আচৰণ তেওঁ গঢ়ি তোলা বাস্তৱৰ নিৰ্মাণে পৰিচালিত কৰে। সেয়েহে, বোধগত পক্ষপাতিতাই কেতিয়াবা উপলব্ধিগত বৈষম্য, অশুদ্ধ বিবেচনা, যুক্তিহীন ব্যাখ্যা আৰু বহল অৰ্থত ক'বলৈ গ'লে যুক্তিহীনতাৰ সৃষ্টি কৰে।[2][3][4]