বৰদিন
খ্ৰীষ্টান ধৰ্মীয় উৎসৱ / From Wikipedia, the free encyclopedia
বৰদিন বা খ্ৰীষ্টমাছ (ইংৰাজী: Christmas[2] বা Christmas Day[3][4]) খ্ৰীষ্টান ধৰ্মৰ লোকসকলে পালন কৰা এক ধৰ্মীয় উৎসৱ। ২৫ ডিচেম্বৰ তাৰিখে যীশুখ্ৰীষ্টৰ জন্ম-তিথি উপলক্ষ্যে এই উৎসৱ পালন কৰা হয়।[5][6] এই দিনটো যীশুৰ প্ৰকৃত জন্মদিন হয় নে নহয় জনা নাযায়। আদিযুগীয় খ্ৰীষ্টানসকলৰ বিশ্বাস অনুসৰি, এই তাৰিখৰ ঠিক ন মাহ পূৰ্বে যীশুৱে মেৰীৰ গৰ্ভত প্ৰবেশ কৰে। সম্ভবতঃ, এই হিচাপ অনুসৰিয়েই ২৫ ডিচেম্বৰ তাৰিখটোকে যীশুৰ জন্ম তাৰিখ ধৰা হয়।[7] অন্যমতে ই হৈছে এক ঐতিহাসিক ৰোমান উৎসৱ[8] অথবা উত্তৰ গোলাৰ্ধৰ দক্ষিণ অয়নান্ত দিবসৰ অনুষঙ্গত ২৫ ডিচেম্বৰ তাৰিখে যীশুৰ জন্মজয়ন্তী পালনৰ প্ৰথাটোৰ সূত্ৰপাত হয়।[9] বৰদিন বৰদিনৰ ছুটিৰ কেন্দ্ৰীয় দিন আৰু খ্ৰীষ্টান ধৰ্ম্মৰ বাৰ দিন ব্যাপী খ্ৰীষ্টমাছটাইড অনুষ্ঠানৰ সূচনাদিবস।[10]
বৰদিন | |
---|---|
বৰদিনৰ সজ্জা | |
অন্য নাম | খ্ৰীষ্টমাছ নোয়েল ইয়ুল ফিষ্ট অফ নেটিভিটি |
পালন কৰে | খ্ৰীষ্টান একাধিক অ-খ্ৰীষ্টান সম্প্ৰদায়[1] |
প্ৰকাৰ | খ্ৰীষ্টীয়, সাংস্কৃতিক |
মহত্ব | প্ৰথানুসাৰে যীশুখ্ৰীষ্টৰ জন্ম-তিথি |
তাৰিখ | ২৫ ডিচেম্বৰ |
আচাৰ | উপহাৰ প্ৰদান, গিৰ্জাত উপাসনা, পাৰিবাৰিক সন্মিলন, গৃহসজ্জা |
প্ৰকৃতিগতভাৱে এটি খ্ৰীষ্টীয় ধৰ্মানুষ্ঠান হোৱা সত্ত্বেও, একাধিক অ-খ্ৰীষ্টান সম্প্ৰদায়ও মহা সমাৰোহে বৰদিন উৎসৱ পালন কৰে।[1][11] আনকি কোনো কোনো ঠাইত উৎসৱৰ আয়োজনত প্ৰাক-খ্ৰীষ্টীয় আৰু ধৰ্মনিৰপেক্ষ বিষয়ভাবনাৰ সমাবেশও দেখা যায়। উপহাৰ প্ৰদান, সংগীত, খ্ৰীষ্টমাছ কাৰ্ডৰ বিনিময়, গিৰ্জাত ধৰ্মোপাসনা, ভোজ, আৰু খ্ৰীষ্টমাছ বৃক্ষ, আলোকসজ্জা, মালা, মিছলটো, যীশুৰ জন্মদৃশ্য আদিৰ সমন্বিত এক বিশেষ ধৰণৰ সাজসজ্জাৰ প্ৰদৰ্শনী আধুনিক কালৰ বৰদিন উৎসৱ উদযাপনত অঙ্গ। কোনো কোনো দেশে ফাদাৰ খ্ৰীষ্টমাছ (উত্তৰ আমেৰিকা, অষ্ট্ৰেলিয়া আৰু আয়াৰলেণ্ডত ছাণ্টাক্লজ)-এ শিশুসকলৰ বাবে উপহাৰ অনাৰ উপকথাটো বেছ জনপ্ৰিয়।[12]
উপহাৰ প্ৰদানৰ ৰীতি সহ বৰদিন উৎসৱৰ নানা অনুষঙ্গ খ্ৰীষ্টানৰ লগতে অ-খ্ৰীষ্টানসকলৰ অৰ্থনীতিত বিশেষ গুৰুত্বপূৰ্ণ। এই উৎসৱ উপলক্ষ্যে ব্যৱসায়-বাণিজ্য আৰু কিনা-বেছাৰ এক বিশেষ বতৰ চলে। বিগত কেইবাটাও শতাব্দীধৰি বিশ্বৰ বিভিন্ন অঞ্চলত বৰদিনৰ অৰ্থনৈতিক প্ৰভাৱ লাহে লাহে প্ৰসাৰিত হোৱা দেখা গৈছে। ভাৰততো বৰদিন এটা ৰাষ্ট্ৰীয় ছুটীৰ দিন।