মৈদাম
টাই-আহোমৰ পৰম্পৰাগত সমাধি / From Wikipedia, the free encyclopedia
ফ্ৰাং-মৈ-দাম বা চমুকৈ মৈ-দাম (আহোম: 𑜉𑜩𑜓𑜝𑜪 অৰ্থ:মৃতকক সমাধি দিয়া,ইংৰাজী: Maidam বা Pyramid of Assam) হৈছে আহোম জনগোষ্ঠীৰ লোকৰ পৰম্পৰাগত মৃতদেহ সংস্কাৰ প্ৰথা আৰু সমাধি।[1] বৰ্তমান মৈদামক বিশ্বৰ ঐতিহ্য ক্ষেত্ৰৰ বাবে মনোনীত কৰা হৈছে।[2] মৈদামক ইজিপ্তৰ ফাৰাওসকলৰ পিৰামিড আৰু প্ৰাচীন চীনা ৰাজপৰিয়ালৰ সমাধিৰ সৈতে তুলনা কৰা হয়।[3][4]বৰ্তমান সময়ত টাই-আহোম জনগোষ্ঠীৰ ম'-হুং, ম'-চাম, চাওদাং আৰু ম'-প্ল'ঙ নামৰ চাৰিটা ফৈদৰ মানুহে মৈদাম পৰম্পৰা মানি চলে। [1] মৈদাম টাই আহোম শব্দ ফ্ৰাং-মৈ-দামৰ পৰা আহিছে। ফ্ৰাং-মৈ মানে সমাধি দিয়া আৰু দাম মানে মৃতক।[5][6] টাই জাতিৰ লোকসকলে মৃতদেহ জ্বলাই দিয়াৰ সলনি পুতি থয়। অসমৰ ভিন্ন প্ৰান্তত মৈদাম সমূহ দেখা যায় আৰু চৰাইদেউত আটাইটকৈ বেছি ঘনত্বত মৈদাম সমূহ আছে।[3] প্ৰায়বোৰ ধৰ্মীয় বিশ্বাসৰ বিপৰীতে টাই-আহোম সকলে মৈদাম সমুহ পবিত্ৰ স্থান বুলি গণ্য কৰে আৰু বছৰি মৃতকক মে দাম মে ফী দৰে অনুষ্ঠান আয়োজন কৰি সন্মান জনোৱা হয়।