দক্ষিণপাট সত্ৰ অসমৰ চাৰিখন ৰাজ সত্ৰৰ ভিতৰত দ্বিতীয় শাৰীৰ সত্ৰ। শিষ্যৰ সংখ্যা কেওখন ৰাজসত্ৰৰ ভিতৰত আটাইতকৈ বেছি। আহোম ৰজা জয়ধ্বজ সিংহৰ দিনত ১৫৮৪ শকত মাজুলীত স্থাপন কৰা হয়। প্ৰথমজন সত্ৰাধিকাৰ আছিল শ্ৰীশ্ৰী বনমালিদেৱ। স্বৰ্গীয় জয়ধ্বজসিংহই ১৫৭৬ শকৰ পুহ মাহ ভতিয়া পাৰত পুখুৰী খন্দাই সেই পুখুৰীৰ পানী উলিয়াই উৎসৰ্গা কৰাৰ কাৰণে ভাল মহন্ত ব্ৰাহ্মণ বিচৰাত ভেলাই পাচনি নামে এজন লোকে জনালে যে বেহাৰত অতি সাধক মহন্ত ব্ৰাহ্মণ বনমালী নামে আছে , তেওঁকে অনাই পুখুৰীৰ জল উলিয়াই উৎসৰ্গা কৰা ভদ্ৰ। পোন্ধৰজনে সত্ৰাধিকাৰ পদত অধিষ্ঠিত হৈছে।।বৰ্তমানৰ সত্ৰাধিকাৰ হ’ল শ্ৰী শ্ৰী ৰমানন্দ দেৱগোস্বামী। বিভিন্ন কাৰণত এই সত্ৰখন কেইবাবাৰো স্থানান্তৰ কৰিব লগা হৈছে। মূল সত্ৰখন মাজুলীত অৱস্থিত। বৰ্তমান ইয়াৰ এখন শাখাসত্ৰ যোৰহাট জিলাৰ টীয়কৰ চটাইত স্থাপন কৰা হৈছে৷
| অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
ক্ষিপ্ৰ তথ্য দক্ষিণপাট সত্ৰ, স্থান ...
দক্ষিণপাট সত্ৰ |
---|
|
স্থান |
---|
দেশ |
ভাৰত |
---|
ৰাজ্য |
অসম |
---|
জিলা |
যোৰহাট |
---|
স্থাপত্য আৰু সংস্কৃতি |
---|
মুখ্য দেৱ/ দেৱী |
যাদৱ ৰায় |
---|
প্ৰধান উৎসৱ |
ৰাসোৎসৱ |
---|
স্থাপত্য শৈলী |
অসমীয়া |
---|
খোদাই |
অসমীয়া,ব্ৰজাৱলী |
---|
ইতিহাস |
---|
নিৰ্মাণকাল (বৰ্তমান গৃহ) |
আনুমানিক ১৫০০ খ্ৰীষ্টাব্দ |
---|
প্ৰতিস্থাপক |
বনমালীদেৱ |
বন্ধ কৰক