ছুন্নাহ
ইছলামিক সম্প্ৰদায়ৰ পৰম্পৰাগত সামাজিক,আইনী ৰীতি-নীতি,আচাৰ-ব্যৱহাৰ নিৰ্ধাৰণ কৰা, প্ৰায়ে হজৰত ম / From Wikipedia, the free encyclopedia
ছুন্নাহ (ছুন্নত বুলিও কোৱা হয়) (আৰবী: سنة) হৈছে, ইছলামত হজৰত মুহাম্মদৰ পৰম্পৰা আৰু আচাৰ-ব্যৱহাৰক বুজায়। যিয়ে মুছলমানসকলে অনুসৰণ কৰিব পৰাকৈ এক আৰ্হি গঠন কৰে। মুহাম্মদৰ সময়ৰ সকলো মুছলমানে স্পষ্টভাৱে দেখিছিল আৰু অনুসৰণ কৰিছিল আৰু পৰৱৰ্তী প্ৰজন্মলৈও আগবঢ়াইছিল।[1] পৌৰানিক ইছলামিক তত্ত্ব অনুসৰি[2] ছুন্নত হাদিছৰ দ্বাৰা নথিভুক্ত কৰা হৈছে (মুহাম্মদৰ শিক্ষা, কৰ্ম আৰু বাক্যৰ মৌখিকভাৱে প্ৰেৰণ কৰা ৰেকৰ্ড, মৌন অনুমতি বা অসন্মতি), আৰু কোৰআনৰ (ইছলামৰ কিতাপ)ৰ কাষত ঐশ্বৰিক অৱতীৰ্ণ (ওহী) আছে। ইছলামিক আইন আৰু বিশ্বাস/ধৰ্মততত্ত্বৰ[2] প্ৰাথমিক উৎস গঠন কৰা মুহাম্মদৰ জৰিয়তে প্ৰদান কৰা।[3][4] ছুন্নী পৌৰাণিক ইছলামিক তত্ত্বৰ পৰা ছিয়া মুছলমানসকলৰ তত্ত্ব পৃথক, যিসকলে দ্বাদশ ইমাম ছুন্নাহৰ ব্যাখ্যা কৰে আৰু চুফীসকলে কয় যে মুহাম্মদে ছুন্নাহৰ মূল্যবোধসমূহ "চুফী শিক্ষকৰ শৃংখলাৰ জৰিয়তে" প্ৰেৰণ কৰিছিল।[5]
মুছলমান বিশ্বাস অনুসৰি মুছলমানসকলৰ বাবে মুহাম্মদ আছিল সৰ্বোত্তম আদৰ্শ,[6] আৰু কোৰআনৰ কেইবাটাও আয়াতত তেওঁৰ আচৰণক আদৰ্শগত বুলি ঘোষণা কৰা হৈছে, আৰু তেওঁৰ অনুগামীসকলক তেওঁৰ আজ্ঞা পালন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।[7][8][9] ছুন্নাহত কেৱল ইছলামৰ ডাঙৰ ডাঙৰ আইন আৰু আচাৰ-অনুষ্ঠান যেনে ছালাত (নামাজ) কেনেকৈ কৰিব লাগে তাৰ বাবেই নহয়, "আনকি অতি সাধাৰণ কাম"ৰ বাবেও ভিত্তি প্ৰদান কৰা হয়, যেনে আঙুলিৰ নখ কাটিব পৰা ক্ৰম বা দাড়িৰ সঠিক দৈৰ্ঘ্য।[10]
প্ৰাক-ইছলাম যুগত ছুন্নাহৰ অৰ্থ "কাৰ্য্যৰ ধৰণ" বুলি ব্যৱহাৰ কৰা হৈছিল, সেয়া ভাল হওক বা বেয়া হওক।[11] ইছলামিক যুগৰ আৰম্ভণিতে এই শব্দটোৱে মুহাম্মদ[11] আৰু তেওঁৰ সংগী দুয়োকে ধৰি অতীতৰ মানুহে স্থাপন কৰা যিকোনো ভাল নজিৰক বুজাইছিল।[3][12] ইয়াৰ উপৰিও মুহাম্মদৰ ছুন্নাহ হাদিছৰ লগত জড়িত হোৱাটো বাধ্যতামূলক নাছিল।[13]
বৰ্তমান যি পৌৰাণিক অৰ্থ প্ৰচলিত সেয়া ইছলামৰ দ্বিতীয় শতিকাৰ শেষৰ ফালে পিছলৈ প্ৰৱৰ্তন কৰা হৈছিল, যেতিয়া পণ্ডিত আল-শ্বাফীৰ প্ৰভাৱত হাদিছত লিপিবদ্ধ মুহাম্মদৰ উদাহৰণক অন্য কৰ্তৃপক্ষই স্থাপন কৰা আন সকলো নজিৰতকৈ অগ্ৰাধিকাৰ দিয়া হৈছিল। তাৰ পিছত আল-ছুন্নাহ শব্দটোক অৱশেষত হাদিছৰ প্ৰতিবেদনৰ ভিত্তিত মুহাম্মদৰ[11] ছুন্নাহৰ সমাৰ্থক হিচাপে গণ্য কৰা হ’ল।[14] ছুন্নত লিপিবদ্ধ কৰাটোও আৰবীয় পৰম্পৰা আছিল আৰু এবাৰ ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ পিছত আৰবসকলে এই প্ৰথা নিজৰ ধৰ্মলৈ লৈ আহিছিল।[15]
হাদিছৰ ওপৰত ভিত্তি কৰি মুহাম্মদৰ ছুন্নতত তেওঁৰ নিৰ্দিষ্ট শব্দ (ছুন্নাহ কাউলিয়াহ), অভ্যাস, আচাৰ-ব্যৱহাৰ (ছুন্নাহ ফিইলিয়াহ), আৰু মৌন অনুমোদন (ছুন্নাহ তকৰিয়্যাহ) অন্তৰ্ভুক্ত কৰা হৈছে।[16] ইছলামত "ছুন্নাহ" শব্দটো ঐচ্ছিক ধৰ্মীয় কৰ্তব্য যেনে ছুন্নাহ ছালাতক বুজাবলৈও ব্যৱহাৰ কৰা হয়।[17]