আপেল
From Wikipedia, the free encyclopedia
আপেল হৈছে আপেল গছ (বৈজ্ঞানিক নাম: Malus domestica)-ত উৎপাদিত এক খাদ্যফল। বিশ্বব্যাপী আপেল গছৰ খেতি কৰা হয় আৰু ই মালছ গণৰ আটাইতকৈ বহুলভাৱে বিকশিত প্ৰজাতি। এই গছৰ উদ্ভৱ হৈছিল মধ্য এছিয়াত, য'ত ইয়াৰ বনৰীয়া পূৰ্বপুৰুষ মালুছ চিভাৰচি (Malus sieversii) আজিও পোৱা যায়। এছিয়া আৰু ইউৰোপত সহস্ৰাধিক বছৰ ধৰি আপেল উৎপাদন কৰা হৈছিল আৰু ইউৰোপীয় উপনিৱেশসকলে উত্তৰ আমেৰিকালৈ ইয়াক আনিছিল। নৰ্চ, গ্ৰীক আৰু ইউৰোপীয় খ্ৰীষ্টান ঐতিহ্যকে ধৰি বহুতো সংস্কৃতিত আপেলৰ ধাৰ্মিক আৰু পৌত্ৰিক তাৎপৰ্য আছে।
আপেল | |
---|---|
হানিক্ৰিস্প প্ৰজাতিৰ ফল | |
আপেলেৰ ফুল | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
শ্ৰেণী: | Angiosperms |
বৰ্গ: | Rosales |
পৰিয়াল: | Rosaceae |
গণ: | Malus |
প্ৰজাতি: | Malus domestica |
বৈজ্ঞানিক নাম | |
Malus domestica Borkh., ১৮০৩ | |
সমাৰ্থক[1][2] | |
|
বীজৰ পৰা গছ ৰুলে আপেল গছবোৰ ডাঙৰ হয়। সাধাৰণতে, গছৰ আকাৰ নিয়ন্ত্ৰণ কৰিবৰ বাবে গ্ৰাফ্টিং পদ্ধতিৰে আপেলৰ খেতি কৰা হয়। আপেলৰ ৭,৫০০ৰো অধিক জ্ঞাত প্ৰকাৰ আছে। ৰন্ধিবৰ বাবে, কেঁচাকৈ খাবৰ বাবে বা চাইডাৰ উৎপাদনৰ দৰে অনেক ব্যৱহাৰৰ বাবে বিভিন্ন প্ৰকাৰৰ ভিন্ন স্বাদৰ আপেলৰ খেতি কৰা হয়। আপেল গছসমূহ আৰু ফলবোৰ বহুসংখ্যক ভেঁকুৰ, বেক্টেৰিয়া আৰু কীটৰ দ্বাৰা সহজে আক্ৰান্ত হ'ব পাৰে, আৰু এনে সমস্যাক বহুসংখ্যক জৈৱিক আৰু অ-জৈৱিক উপায়েৰে নিয়ন্ত্ৰণ কৰিব পাৰি। ২০১০ চনত আপেল উৎপাদনৰ ৰোগ নিয়ন্ত্ৰণ আৰু নিৰ্বাচিত প্ৰজননৰ ওপৰত গৱেষণাৰ অংশ হিচাপে এই ফলৰ জিনম চিকুৱেঞ্চিং কৰা হৈছিল।
২০১৮ চনত বিশ্বব্যাপী আপেলৰ উৎপাদন আছিল ৮.৬ কোটি টন, আৰু ইয়াৰে প্ৰায় আধা অংশ উৎপাদন হৈছিল চীনত।[3]