চক্ৰশিলা অভয়াৰণ্য
From Wikipedia, the free encyclopedia
চক্ৰশিলা অভয়াৰণ্য (ইংৰাজী: Chakrashila Wildlife Sanctuary) অসমৰ ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ অন্তৰ্গত অভয়াৰণ্য।[1][2] এই অভয়াৰণ্যখন সোণালী বান্দৰৰ বাবে প্ৰখ্যাত ই ভাৰতৰ সোণালী বান্দৰৰ দ্বিতীয় সংৰক্ষিত বাসস্থান।[3][4] ৪৫.৫৬৮ বৰ্গ কিঃমিঃ জুৰি থকা চক্ৰশিলা অভয়াৰণ্যৰ পৰা কোকৰাঝাৰ নগৰৰ দূৰত্ব ৬ কিঃমিঃ আৰু ধুবুৰী নগৰৰ দূৰত্ব ৬৮ কিঃমিঃ। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰলৈ ইয়াৰ পৰা দূৰত্ব ২১৯ কিঃমিঃ।[5] এই অভয়াৰণ্যখন উত্তৰা-দক্ষিণাকৈ থকা এটা পাহাৰীয়া অঞ্চলত অৱস্থিত। ইয়াৰ দুইমূৰে থকা ধীৰ বিল আৰু দিপলাই বিলে অভয়াৰণ্যখনৰ পৰিবেশ-তন্ত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। অভয়াৰণ্যখনৰ নিম্নাঞ্চল শাল গছে আৱৰি থকাৰ বিপৰীতে মধ্য আৰু উচ্চাঞ্চলত পৰ্ণপাতী উদ্ভিদৰ প্ৰাচুৰ্য দেখা যায়।
ক্ষিপ্ৰ তথ্য চক্ৰশিলা অভয়াৰণ্য, অৱস্থান ...
চক্ৰশিলা অভয়াৰণ্য | |
---|---|
Chakrashila Wildlife Sanctuary | |
সোণালী বান্দৰ | |
চক্ৰশিলা অভয়াৰণ্যৰ অৱস্থান | |
অৱস্থান | ধুবুৰী জিলা কোকৰাঝাৰ জিলা |
নিকটতম চহৰ | ধুবুৰী কোকৰাঝাৰ |
মাটিকালি | ৪৫.৫৬৮ বৰ্গ কিঃমিঃ |
প্ৰতিস্থা | ১৪ জুলাই ১৯৯৪ |
কৰ্তৃপক্ষ | অসম চৰকাৰ |
বন্ধ কৰক