তিল
From Wikipedia, the free encyclopedia
তিল (pron.: /ˈsɛsəmiː/; বৈজ্ঞানিক নাম Sesamum indicum) এবিধ Sesamum গোত্ৰৰ ফুলৰ গছ। ইয়াৰ ওচৰ সম্বন্ধীয় উদ্ভিদ আফ্ৰিকাত যথেষ্ট পোৱা যায়। ভাৰততো ইয়াৰ কিছু জাতিত দেখা যায়। খোৱা বীজ হিচাপে ব্যৱহাৰ হোৱা তিল বিষুৱ অঞ্চলত যথেষ্ট পৰিমাণে খেতি হয়। সাধাৰণেত ইয়াৰ ফুল ৰং হালধীয়া হয় যদিও কিছু কিছু জাতৰ নীলা অথবা বেঙুনীয়াও দেখা যায়।
ক্ষিপ্ৰ তথ্য তিল Sesame, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ...
তিল Sesame | |
---|---|
Sesame plants | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Asterids |
বৰ্গ: | Lamiales |
পৰিয়াল: | Pedaliaceae |
গণ: | Sesamum |
প্ৰজাতি: | S. indicum |
বৈজ্ঞানিক নাম | |
Sesamum indicum L. |
বন্ধ কৰক
ইয়াৰ গছৰ উচ্চতা ৫০ ছে.মি. ৰ পৰা ১০০ ছে.মি.ৰ ভিতৰত হয়। পাত বিলাক গছডালৰ পৰস্পৰৰ বিপৰীত দিশত থাকে আৰু প্ৰায় ৪ ৰ পৰা ১৪ ছে.মি. দীঘল হয়। গছ জোপা গুৰি অংশই প্ৰায় ৫ ছে.মি. অঞ্চল অধিকাৰ কিৰ থাকে। ওপৰ দিশত ই ক্ৰমান্বেয় পাতল হৈ গৈ থাকে আৰু ফুল ফুলা অঞ্চলটো প্ৰায় ১ ছে.মি. বহল হয়ৈগ। ফুলবোৰ বগাৰ পৰা বেঙুনীয়া বৰণৰ হয়। ই টিলিঙা আকাৰৰ, প্ৰায় ৩ ৰ পৰা ৫ ছে.মি. দীঘল আৰু মুখত চাৰিটা ধেনুভিৰীয়া অংশ থাকে।
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |