সুমথিৰা টেঙা
ফল / From Wikipedia, the free encyclopedia
সুমথিৰা টেঙা বা কমলা টেঙা (ইংৰাজী: Orange) বৈজ্ঞানিক নাম - Citrus Sinensis ৷ সুমথিৰা টেঙাৰ ভিতৰত 'খাছি মান্দাৰিন' (Khasi mandarin) নামৰ জাতটো অসমত অতি জনপ্ৰিয় আৰু অসমৰ ঠাই বিশেষে এই জাতৰ সুমথিৰাৰ খেতি ব্যাপক মাত্ৰাত কৰা হয়৷ উত্তৰ-পূৰ্বাঞ্চলৰ জলবায়ু আৰু মাটি সুমথিৰা বা কমলা খেতিৰ বাবে উপযোগী৷ [2] সুমথিৰা টেঙা উদ্ভিদ জগতৰ Rutaceae গোত্ৰৰ (family) Citrus জাতিৰ (genus) অন্তৰ্ভুক্ত । এই ফলবোৰৰ অনেক প্ৰকাৰ (species) পৃথীৱীৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ আছে।
সুমথিৰা টেঙা | |
---|---|
Orange blossoms and oranges on tree | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Sapindales |
পৰিয়াল: | Rutaceae |
গণ: | Citrus |
প্ৰজাতি: | C. × sinensis |
বৈজ্ঞানিক নাম | |
Citrus × sinensis (L.) Osbeck[1] |
অসমত যিবিধ ফলক সুমথিৰা বা কমলা টেঙা বুলি কওঁ , সেইবিধ মান্দাৰিণ অৰেঞ্জ গোটৰ ফল। ভাৰতত অঞ্চলভেদে এই গোটটোৰ বহুকেইটা প্ৰকাৰ আছে। উত্তৰ-পূৰ্বাঞ্চলত পোৱা বিধক ইংৰাজীত খাছি মান্দাৰিণ কোৱা হয়। সেইদৰে নাগপুৰ অঞ্চলত পোৱা বিধৰ ইংৰাজী নাম নাগপুৰ মান্দাৰিণ । অসমৰ কোনো কোনো অঞ্চলত এই গোটৰ ফলৰ আকাৰ সৰু, বাকলি পাতল আৰু মিহি হোৱালৈ লক্ষ্য কৰি এনেবোৰ ফল Loose –skinned orangeৰ অন্য এটা প্ৰকাৰ নতুবা প্ৰাকৃতিক বৰ্ণ সংকৰ (natural hybrid) যেন অনুমান হয়। ভাৰতৰ বিভিন্ন অঞ্চলত মান্দাৰিন গোটৰ বহুকেইটা প্ৰকাৰ ইতিমধ্যে পোৱা গৈছে। সেয়েহে এই দিশত গৱেষণাৰ প্ৰয়োজন আছে।