ত্ৰিদেৱী
From Wikipedia, the free encyclopedia
ত্ৰিদেৱী (ইংৰাজী: Three goddesses; সংস্কৃত: त्रिदेवी ; IAST: tridevi) তিনিগৰাকী হিন্দু ধৰ্মৰ শাক্তধৰ্মীসকলৰ প্ৰধান উপাষ্য দেৱী। সৰস্বতী, লক্ষ্মী আৰু পাৰ্বতীৰ সৈতে একত্ৰিতভাৱে এওঁলোক ত্ৰিদেৱী নামে পৰিচিত। উল্লেখযোগ্য যে এইসকল ত্ৰিদেৱী যথাক্ৰমে ত্ৰিমূৰ্তি সৃষ্টিকৰ্তা ব্ৰহ্মা, পালনকৰ্তা বিষ্ণু আৰু সংহাৰকৰ্তা শিৱৰ পত্নী। ইয়াৰে সৰস্বতী (উচ্চাৰণ: sə.rəs.ʋə.t̪i; সংস্কৃত: सरस्वती, sarasvatī; থাই ভাষা: สุรัสวดี Sarasawatee; জাপানি ভাষা: 弁才天/ 弁財天 Benzaiten) জ্ঞান, সঙ্গীত আৰু শিল্পকলাৰ হিন্দু দেৱী। ঋগ্বেদত সৰস্বতী দেৱী সৰস্বতী নদীৰ অভিন্ন এক ৰূপ। লক্ষ্মী হিন্দু ধৰ্মাৱলম্বীসকলৰ ধন, সম্পদ, উন্নতি (আধ্যাত্মিক আৰু পাৰ্থিৱ), পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী। আৰু পাৰ্বতী শক্তি আৰু প্ৰেমৰ দেৱী।
ত্ৰিদেৱী | |
---|---|
সৃষ্টি, স্থিতি আৰু প্ৰলয় | |
ত্ৰিদেৱী অৰ্থাৎ লক্ষ্মী (বাঁওফালে), পাৰ্বতী (মাজত) আৰু সৰস্বতী (সোঁফালে) | |
দেৱনাগৰী | त्रिदेवी |
সম্পৰ্ক | |
নিবাস |
|
মন্ত্ৰ | ওঁম ত্ৰিদেৱীভয়হ নমঃ |
সঙ্গী | ত্ৰিমূৰ্তি, |
বাহন |
নৱৰাত্ৰি উৎসৱত, তিনিগৰাকী দেৱীক তিনিৰূপত পূজা কৰা হয়। প্ৰথম তিনি দিনত, দুৰ্গা দেৱীক, তাৰ পিছত লক্ষ্মীদেৱী আৰু সৰস্বতীক নৱম দিনটোলৈকে পূজা কৰা হয়।[1]