সৰস্বতী
বুদ্ধি আৰু বিদ্যাৰ হিন্দু দেৱী / From Wikipedia, the free encyclopedia
সৰস্বতী (সংস্কৃত: सरस्वती ) হ'ল জ্ঞান, সংগীত, শিল্পকলা, বুদ্ধি আৰু বিদ্যাৰ হিন্দু দেৱী।[1] তেখেত সৰস্বতী-লক্ষ্মী-পাৰ্বতী এই ত্ৰিদেৱীৰ অন্যতম। এই ত্ৰিদেৱীৰ কাম হ'ল ব্ৰহ্মা, বিষ্ণু আৰু শিৱক যথাক্ৰমে জগৎ সৃষ্টি, পালন আৰু ধ্বংস কৰাত সাহায্য কৰা।[2]
ক্ষিপ্ৰ তথ্য সৰস্বতী দেৱী, দেৱনাগৰী ...
সৰস্বতী দেৱী | |
---|---|
সৰস্বতীৰ প্ৰতিমুৰ্তি | |
দেৱনাগৰী | सरस्वती |
গোত্ৰ | দেৱী , ত্ৰিদেৱী |
অধিষ্ঠান | ব্ৰহ্মলোক |
মন্ত্ৰ | শ্ৰীসৰস্বত্যৈ নমঃ |
দাম্পত্যসঙ্গী | ব্ৰহ্মা |
বাহন | ময়ূৰ হংস |
বন্ধ কৰক
সৰস্বতীৰ প্ৰথম উল্লেখ পোৱা যায় ঋগ্বেদত। বৈদিক যুগৰ পৰা আধুনিক যুগলৈকে তেখেতে হিন্দুধৰ্মৰ এক গুৰুত্বপূৰ্ণ দেৱী।[1] হিন্দুসকলে বসন্তপঞ্চমী (মাঘ মাহৰ শুক্লাপঞ্চমী তিথি) তিথিত সৰস্বতী পূজা কৰে।[3] বৌদ্ধ[4] আৰু পশ্চিম আৰু মধ্য ভাৰতত জৈনসকলেও সৰস্বতীৰ পূজা কৰে।[5] জ্ঞান, সংগীত আৰু শিল্পকলাৰ দেৱী হিচাপে ভাৰতৰ বাহিৰে জাপান, ভিয়েটনাম, বালি আৰু ম্যানমাৰতো সৰস্বতী পূজা কৰা হয়।[6] হিন্দুধৰ্মৰ বাদে খ্ৰিষ্টীয় চতুৰ্থ-পঞ্চম শতিকাতে ৰচিত মহাযান বৌদ্ধ ধৰ্মগ্ৰন্থ মহাযান সূত্ৰটো সৰস্বতী দেৱীৰ উল্লেখ পোৱা যায়।[7]