চিৰাং জিলা
ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা / From Wikipedia, the free encyclopedia
চিৰাং জিলা (বড়ো: चिरांग जिला) ভাৰতবৰ্ষৰ অন্তৰ্গত অসমৰ পশ্চিম প্ৰান্তত অৱস্থিত আৰু বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদৰ অন্তৰ্গত চাৰিখন জিলাৰ এখন। ২০০৪ চনত কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা জিলাৰ অংশবিশে সাঙুৰি চিৰাং জিলা গঠন কৰা হৈছিল। এই জিলা ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদৰ অন্তৰ্গত। ব্ৰহ্মপুত্ৰ নদীৰ নামনি উপত্যকাৰ সমভূমি ভূ-ভাগেৰে এই জিলা গঠিত। গাৰো ভাষাৰ শব্দ চি (অৰ্থ: পানী) আৰু ৰাং (অৰ্থ: সম্পত্তি), মিলি জিলাখনৰ নাম চিৰাং হোৱা বুলি কোৱা হয়।
ক্ষিপ্ৰ তথ্য চিৰাং জিলা, দেশ ...
চিৰাং জিলা | |
---|---|
— অসমৰ জিলা — | |
অসমত চিৰাংৰ অৱস্থান | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
প্ৰশাসনিক বিভাগ | বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদ |
স্থাপিত | ৪ জুন ২০০৪ (2004-06-04) |
সদৰ | কাজলগাঁও |
মহকুমা | কাজলগাঁও, বিজনী |
চৰকাৰ | |
- লোকসভা সমষ্টি | কোকৰাঝাৰ |
- বিধানসভা সমষ্টি | ছিদলী (৩১), বিজনী (৩৩) |
মাটিকালি | |
- মুঠ | ১,৯২৩ কি.মি.২ (৭৪২.৫ বৰ্গ মাইল) |
জনসংখ্যা (২০১১)[1] | |
- মুঠ | ৪,৮২,১৬২ জন |
- জনঘনত্ব | ২৫০.৭ প্ৰতি বৰ্গ কি.মি. (৬৪৯.৪ প্ৰতি বৰ্গ মাইল) |
জনসংখ্যাৰ তথ্য | |
- সাক্ষৰতা হাৰ | ৬৩.৫৫% |
- লিংগ অনুপাত | ৯৬৯ |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
বন্ধ কৰক
জিলাখনৰ মুঠ মাটিকালি ১,৯২৩ বৰ্গ কি.মি.। কাজলগাঁও এই জিলাৰ সদৰ। ২০১১ চনৰ লোকপিয়ল অনুসৰি চিৰাং জিলাৰ মুঠ জনসংখ্যা ৪,৮২,১৬২ জন।[1] চিৰাং জিলা অসমৰ দ্বিতীয়খন সৰ্বনিম্ন জনবসতিৰ জিলা। ইউনেস্কোৰ দ্বাৰা স্বীকৃত প্ৰাকৃতিক বিশ্ব ঐতিহ্যবাহী স্থান মানস ৰাষ্ট্ৰীয় উদ্যানৰ কিছু অংশ এই জিলাত অৱস্থিত।