চুতেওফা
From Wikipedia, the free encyclopedia
চাওলুং চ্যু-তেও-ফা (আহোম: 𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜄𑜧 𑜇𑜡) অসম ৰাজ্য বা মুঙ দুন চুন খামৰ দ্বিতীয়জন চাওফা আছিল। তেখেত চাওলুং চুকাফাৰ বৰ পুতেক আছিল। তেখেতৰ ৰাজ্যকাল ১২৬৮ চনৰ পৰা ১২৮১ চনলৈকে।
চাওলুং চ্যু-তেও-ফা 𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜄𑜧 𑜇𑜡 | |
---|---|
চাওলুং (আহোম ভাষা) | |
চ্যু-কা-ফা | |
চাওলুং চ্যু-বিণ্-ফা | |
সম্পূৰ্ণ নাম | |
চাওলুং চ্যু-তেও-ফা | |
বাসগৃহ | ছ্যু ফৈদ , আহোম ৰাজবংশ |
পিতৃ | চ্যু-কা-ফা |
ধৰ্ম | আহোম ধৰ্ম |
|
এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব। |
চুতেওফাৰ বঢ়াগোঁহাইৰ নাম আছিল থাওৰুৰু বুঢ়াগোঁহাই আৰু বৰগোঁহাইৰ নাম আছিল চাওবিন বৰগোঁহাই।
বৈদেশিক সৰ্ম্পক : চুতেওফাই নৰাৰাজ্যলৈ নিজ কটকী প্ৰেৰণ কৰি নৰাৰাজ্যৰ লগত নিজৰ সৰ্ম্পক সুদৃঢ় কৰে আৰু কুটনৈতিক কৌশলেৰে কছাৰীসকলৰ পৰা দিখৌ নৈৰ পূব অংশ নিজ ৰাজ্যৰ অৰ্ন্তভুক্ত কৰে।
চুতেওফাৰ দিনতে ৰামখা দেও শালৰ বৰুৱা পদটি সৃষ্টি কৰে। ৰামখা দেও শালৰ পুজাৰ বাবে খাজানা ৰেহাই দিয়া মাটি দান কৰে আৰু বৰদেউৰী, সৰুদেউৰী , দেওঘৰিয়া , আঠপৰিয়া , তেলি , মালী , নাপিত, কমাৰ, চমাৰ , ধুলীয়া , বলিকটীয়া , খাতোয়াল , বাৰিচোয়া , বেলিচোয়া , চাউলকৰা , মলখুবচা আৰু পানিতোলা আদি পূজাৰ বাবে সহায়ক পদ সৃষ্টি কৰে।