চ্যু-পং-মু'ঙ
From Wikipedia, the free encyclopedia
"চক্ৰধ্বজ সিংহ" নামৰ পৃষ্ঠাই ইয়ালৈ পুনৰ্নিদেশ কৰিছে। লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত নাটক খনৰ বাবে, চক্ৰধ্বজ সিংহ (নাটক) চাওক।
চাওফা চ্যু-পুং-মুং (আহোম: 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜆𑜨𑜂𑜫 𑜉𑜢𑜤𑜂𑜫,ইংৰাজী: Supungmung) বা অসমৰ আহোম ৰাজবংশৰ এজন ৰজা আছিল। তেওঁ স্বৰ্গদেৱ চুটামলাৰ খুৰাক চাৰিঙৰ দেওৰজাৰ নাতি।[1] ৰাজপাটত উঠি চুপুংমুঙে হিন্দুমতে চক্ৰধ্বজ সিংহ নাম লয়। তেওঁ ১৬৬৩ চনৰ পৰা ১৬৭০ চনলৈকে ৰাজত্ব কৰিছিল। এইজনা ৰজাৰ দিনতে মোগল বাদশ্বাহ ঔৰংজেৱৰ নিৰ্দেশত ৰামসিংহই অসম আক্ৰমণ কৰে[2] আৰু ইয়াৰ পৰাই পৰৱৰ্তী কালৰ শৰাইঘাটৰ যুদ্ধৰো সূত্ৰপাত ঘটে।[3]
ক্ষিপ্ৰ তথ্য চাওফা চ্যু-পুং-মুং 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜆𑜨𑜂𑜫 𑜉𑜢𑜤𑜂𑜫, ৰাজত্ব ...
চাওফা চ্যু-পুং-মুং 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜆𑜨𑜂𑜫 𑜉𑜢𑜤𑜂𑜫 | |
---|---|
চাওফা | |
ৰাজত্ব | ১৬৬৩-১৬৭০ (আলোচনা পৃষ্ঠা চাওক) |
অভিষেক | ১৬৬৩ |
উত্তৰসূৰী | চুন্যৎফা |
সম্পূৰ্ণ নাম | |
চাওফা চ্যু-পুং-মুং | |
বাসগৃহ | ছ্যু ফৈদ , আহোম ৰাজবংশ |
ধৰ্ম | আহোম ধৰ্ম |
বন্ধ কৰক
অধিক তথ্য আহোম ৰাজবংশ ...
|
বন্ধ কৰক